About Us

About Us

Bajali Gita Satra is a leading spiritual and educational web portal based in Assam. Our primary mission is to bring the profound teachings of the Srimad Bhagavad Gita and the priceless treasures of Indian wisdom to you in an authentic, clear, and easy-to-understand Assamese translation.

শ্ৰীমদ্ভগৱদ্ গীতা: এক অন্তহীন জ্ঞানৰ উৎস

Preface & Vision of Bajali Gita Satra

বংশীধৰং তৌত্ৰধৰং নমামি মনোহৰং মোহহৰং চ কৃষ্ণম্।
মালাধৰং ধৰ্মধুৰন্ধৰং চ পাৰ্থস্য সাৰথ্যকৰং চ দেৱম্॥

কৰ্তব্যদীক্ষাং চ সমত্বশিক্ষাং জ্ঞানস্য ভিক্ষাং শৰণাগতিং চ।
দদাতি গীতা কৰুণাৰ্দ্ৰভূতা কৃষ্ণেন গীতা জগতো হিতায়॥

সঞ্জীৱনী সাধকজীৱনীয়ং প্ৰাপ্তিং হৰেৰৈ সৰলং ব্ৰৱীতি।
কৰোতি দূৰং পথিৱিঘ্নবাধাং দদাতি শীঘ্ৰং পৰমাত্মসিদ্ধিম্॥

শ্ৰীমদ্ভগৱদ্ গীতা ভাৰতীয় জ্ঞান পৰম্পৰাৰ সাৰ গ্ৰন্থ। ইয়াত সমগ্ৰ ভাৰতীয় চিন্তন পৰম্পৰাৰ জ্ঞান নিহিত হৈ আছে। এয়া এক নিৰ্বিবাদ জ্ঞানগ্ৰন্থ, য’ত ব্ৰহ্মসূত্ৰ, ষড়দৰ্শন, উপনিষদৰ জ্ঞানৰ লগতে বৈজ্ঞানিক আৰু সাংস্কৃতিক জ্ঞান অন্তৰ্ভুক্ত হৈছে।

অনন্ত জ্ঞানৰ গভীৰতা

পৰমেশ্বৰ যিদৰে অনন্ত, তেওঁৰ গুণ আৰু মহিমাও তেনেদৰে অন্তহীন। গতিকে তেওঁৰ মুখপদ্মৰ পৰা নিসৃত গীতাৰ ভাবৰ অন্ত কেনেকৈ হ’ব পাৰে? যুগে যুগে বিভিন্ন আচাৰ্যসকলে গীতাৰ সুকীয়া সুকীয়া টীকা লিখিছে। সেই টীকা অনুসৰণ কৰি চলিলে মানুহৰ কল্যাণ হ’ব পাৰে সঁচা, কিন্তু গীতাৰ অৰ্থ কোনেও সম্পূৰ্ণৰূপে জানিব নোৱাৰে। যদি আজিলৈকে লিখা সকলো টীকা একগোট কৰা হয়, তথাপি গীতাৰ অৰ্থ শেষ নহয়। যিদৰে এটা কুঁৱাৰ পৰা শ শ বছৰ ধৰি অলেখ মানুহে পানী খাই থাকিলেও তাৰ পানী যিদৰে শেষ নহয়, গীতাও তেনেদৰে অক্ষয়। কুঁৱাৰ পানীৰ সীমা থাকিব পাৰে, কিন্তু গীতাৰ ভাবৰ কোনো সীমা নাই।

কৃষ্ণো জানাতি ৱৈ সম্যক কিঞ্চিৎ কুন্তীসুতঃ ফলম্।

ব্যাসো বা ব্যাসপুত্রো বা যাজ্ঞবন্ধ্যোহথ মৈথিলঃ।।

একমাত্ৰ ভগৱান শ্ৰীকৃষ্ণইহে এই গীতা সম্যকৰূপে জানে। কুন্তীসূত অৰ্জুন, ব্যাসদেৱ, ব্যাসপুত্র শুকদেৱ, ঋষি যাজ্ঞবল্ক্য আৰু মিথিলাপতি জনকাদিয়ে কিঞ্চিৎ মাত্ৰহে গীতা বা গীতা মাহাত্ম্য জানিব পাৰে। প্ৰকৃততে যিজনা একান্ত ভগৱৎ ভক্তিযুক্ত পুৰুষ তেৱেঁহে গীতা গ্ৰন্থৰ ব্যাখ্যাকাৰক হ'ব পাৰে। আমাৰ নিচিনা তেনেই ভক্তি-বিমুখ, অপৰাধী জীৱৰ পক্ষে এই গ্ৰন্থৰ বিষয়ে কিবা লিখিবলৈ যোৱাটো অনধিকাৰ চৰ্চাৰ নিচিনা কথা।

আমাৰ পদ্ধতি আৰু উদ্দেশ্য

তথাপি গীতাৰ প্ৰতি প্ৰৱল অনুৰাগ আৰু গীতা প্ৰচাৰৰ অনুপ্ৰেৰণাই আমাক এই মহৎ কামলৈ উদ্বুদ্ধ কৰিছে। ভগৱানৰ এই অমৃত বাণী সাৰোগত কৰি আমি এই আধ্যাত্মিক শাস্ত্ৰখনিৰ সম্পাদনা আৰম্ভ কৰিছোঁ। এই গ্ৰন্থখনিত:

  • প্ৰত্যেক শ্লোকৰ অন্বয় মুখে উপস্থাপন কৰা হৈছে।
  • প্ৰতিটো সংস্কৃত শব্দৰ বিপৰীতে সঠিক অসমীয়া প্ৰতিশব্দ দিয়া হৈছে।
  • শ্লোকৰ নিগূঢ় অৰ্থ আৰু বিশেষ তাৎপৰ্য্যপূৰ্ণ ব্যাখ্যা দিয়া হৈছে।
  • শ্ৰীমৎ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ গ্ৰন্থক মূল আধাৰ হিচাপে গ্ৰহণ কৰা হৈছে।

পাশ্চাত্য জড়বাদী প্ৰভাৱৰ মাজতো অসমৰ সুধী সমাজৰ মাজত গীতাৰ আদৰ বৃদ্ধি পোৱাটো অতি সুখৰ বিষয়। যাৰ আঙুলি সংকেতত অনন্ত কোটি বিশ্বব্ৰহ্মাণ্ড পৰিচালিত হৈ আছে, সেই পৰমপুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ অকৃত্ৰিম কৰুণাৰ ওপৰত নিৰ্ভৰ কৰি এই কামটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ আমি যত্ন কৰিছোঁ।

শ্ৰীমদ্ভগৱদ্ গীতা

শ্লোকানুক্রমিক বিষয় সূচী

শ্ৰীমদ্ভগৱদ্ গীতা ভাৰতীয় জ্ঞান পৰম্পৰাৰ সাৰ গ্ৰন্থ। ইয়াত ব্ৰহ্মসূত্ৰ, ষড়দৰ্শন, উপনিষদৰ লগতে বৈজ্ঞানিক আৰু সাংস্কৃতিক জ্ঞান নিহিত হৈ আছে। তলত ১৮ টা অধ্যায়ৰ বিস্তৃত বিষয় সূচী আগবঢ়োৱা হ'ল।

অধ্যায় আলোচ্য বিষয় আৰু সাৰাংশ
প্ৰথম অধ্যায়
বিষাদ যোগ
ধৃতৰাষ্ট্ৰৰ প্ৰশ্ন, দুৰ্য্যোধনৰ সৈন্য বৰ্ণনা, শঙ্খধ্বনি, অৰ্জুনৰ সৈন্য দৰ্শন আৰু কুলক্ষয়ৰ আশংকাত অৰ্জুনৰ বিষাদ।
দ্বিতীয় অধ্যায়
সাংখ্য যোগ
শ্ৰীকৃষ্ণৰ উপদেশ, জীৱাত্মাৰ নিত্যত্ব, কৰ্মযোগীৰ লক্ষণ, স্থিতপ্ৰজ্ঞৰ বৰ্ণনা আৰু ব্ৰাহ্মীস্থিতি।
তৃতীয় অধ্যায়
কৰ্মযোগ
কৰ্মত্যাগ বনাম কৰ্মাচৰণ, যজ্ঞৰ উপযোগিতা, লোক সংগ্ৰহৰ মহত্ত্ব আৰু কাম-ক্ৰোধ জয়ৰ উপায়।
চতুৰ্থ অধ্যায়
জ্ঞানযোগ
ভগৱানৰ অৱতাৰৰ কাৰণ, কৰ্ম-বিকৰ্ম-অকৰ্মৰ ভেদ, জ্ঞান যজ্ঞৰ শ্ৰেষ্ঠত্ব আৰু তত্ত্বজ্ঞান লাভ।
পঞ্চম অধ্যায়
কৰ্মসন্ন্যাস-যোগ
সন্ন্যাস আৰু কৰ্মযোগৰ তত্ত্ব, নিৰ্লিপ্ততা আৰু ব্ৰহ্মভূত অৱস্থাৰ শান্তি।
ষষ্ঠ অধ্যায়
অভ্যাসযোগ
ধ্যানযোগৰ নিয়ম, মন সংযমৰ উপায়, যোগভ্ৰষ্টৰ গতি আৰু ভক্তিমান যোগীৰ শ্ৰেষ্ঠতা।
সপ্তম অধ্যায়
জ্ঞান বিজ্ঞান যোগ
ভগৱানৰ পৰা আৰু অপৰা প্ৰকৃতি, ত্ৰিগুণময়ী মায়া আৰু চতুৰ্বিধ ভক্তৰ বৰ্ণনা।
অষ্টম অধ্যায়
অক্ষৰ ব্ৰহ্মযোগ
মৃত্যুকালত ঈশ্বৰ স্মৰণৰ উপায়, শুক্ল আৰু কৃষ্ণ গতি, পুনৰ্জন্ম নিবাৰণৰ পথ।
নৱম অধ্যায়
ৰাজবিদ্যা-ৰাজগুহ্য যোগ
ভক্তিযোগৰ শ্ৰেষ্ঠত্ব, ঈশ্বৰৰ সৰ্বময়ত্ব, আৰু অনন্য ভক্তিৰ মহিমা।
দশম অধ্যায়
বিভূতি যোগ
ভগৱানৰ ঐশ্বৰিক বিভূতিসমূহৰ বিস্তাৰিত বৰ্ণনা আৰু বিশ্বাতিগ সত্তা।
একাদশ অধ্যায়
বিশ্বৰূপ দৰ্শন যোগ
অৰ্জুনক দিব্য চক্ষু দান, ভগৱানৰ বিৰাট বিশ্বৰূপ দৰ্শন আৰু কাল স্বৰূপৰ বৰ্ণনা।
দ্বাদশ অধ্যায়
ভক্তি যোগ
সগুণ আৰু নিৰ্গুণ উপাসনাৰ পাৰ্থক্য, ভক্তি সাধনাৰ ক্ৰম আৰু সিদ্ধ ভক্তৰ লক্ষণ।
ত্ৰয়োদশ অধ্যায়
ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞ বিভাগ যোগ
দেহ (ক্ষেত্ৰ) আৰু আত্মা (ক্ষেত্ৰজ্ঞ)ৰ সম্বন্ধ, জ্ঞানৰ স্বৰূপ আৰু প্ৰকৃতি-পুৰুষ বিবেক।
চতুৰ্দ্দশ অধ্যায়
গুণত্ৰয় বিভাগ যোগ
সত্ত্ব, ৰজ আৰু তম—ত্ৰিগুণৰ লক্ষণ, প্ৰভাৱ আৰু ত্ৰিগুণাতীত হোৱাৰ ফল।
পঞ্চদশ অধ্যায়
পুৰুষোত্তম যোগ
সংসাৰ অশ্বত্থ বৃক্ষৰ ৰূপক, ক্ষৰ-অক্ষৰ তত্ত্ব আৰু পুৰুষোত্তম যোগৰ ৰহস্য।
ষোড়শ অধ্যায়
দৈবাসুৰ সম্পদ বিভাগ যোগ
দৈৱী আৰু আসুৰী সম্পদৰ পাৰ্থক্য, নৰকৰ তিনি দ্বাৰ আৰু শাস্ত্ৰৰ গুৰুত্ব।
সপ্তদশ অধ্যায়
শ্ৰদ্ধাত্ৰয় বিভাগ যোগ
ত্ৰিবিধ আহাৰ, যজ্ঞ, তপস্যা আৰু দানৰ বৰ্ণনা। 'ওঁ তৎ সৎ'ৰ ব্যাখ্যা।
অষ্টাদশ অধ্যায়
মোক্ষ যোগ
সন্ন্যাস আৰু ত্যাগৰ মৰ্ম, বৰ্ণধৰ্ম, শৰণাগতি আৰু গীতা জ্ঞানৰ উপসংহাৰ।

"Gita sugita kartavya kimanyaih shastra vistaraih |
ya svayam padmanabhasya mukha-padmad vinihsrita ||"

Translation: The Bhagavad Gita alone should be carefully studied. What is the need for other vast scriptures when this scripture has emerged directly from the lotus-like mouth of Lord Sri Krishna himself?

Our Vision

The Srimad Bhagavad Gita is the essence of Indian thought. It encapsulates the wisdom of the Brahmasutra, Shad-Darshanas, and the Upanishads. We are committed to providing accurate Assamese translations and explanations to help seekers navigate their spiritual journey.

Why Choose Bajali Gita Satra?

  • Accuracy: Content is verified for spiritual and linguistic correctness.
  • Optimized for You: Fast loading and low data usage for a seamless experience.
  • Community Focused: Direct interaction via WhatsApp and Telegram.
🙏

ক্ষমা প্ৰাৰ্থনা

শ্ৰীমদ্ভগৱদ্ গীতাৰ দৰে এক অগাধ জ্ঞানৰ সাগৰত মই এজন সাধাৰণ অপৰাধী জীৱই অৱগাহন কৰিবলৈ কৰা এই প্ৰচেষ্টা কেৱল ভগৱানৰ অনুপ্ৰেৰণাৰ ফল। গ্ৰন্থখনি সম্পাদন কৰোঁতে মোৰ সম্যক ভাষাজ্ঞানৰ অভাৱত বা সঠিক ভাৱ প্ৰকাশত হয়তো বহুতো বৈষম্য ঘটিছে। কোনো কোনো ঠাইত প্ৰকৃত ভাৱৰ অভাৱত ভাষাৰ বেমেজালিও ঘটিব পাৰে।

"আমাৰ সনিৰ্ব্বন্ধ অনুৰোধ, সাধু সমাজে যেন আমাক অল্পমতি জানি সকলো অপৰাধ মৰিষণ কৰে।"

এই কামত যদি কিবা কৃতিত্ব প্ৰকাশ পাইছে, তেন্তে সেই কৃতিত্ব আমাৰ পূৰ্বৰ আৰু বৰ্তমানৰ টীকাকাৰসকলৰহে প্ৰাপ্য, আমাৰ নহয়। আমি কেৱল তেওঁলোকৰ চৰণৰ ধূলিক সাৰথি কৰি এই যাত্ৰা আৰম্ভ কৰিছোঁ।


Jai Sri Krishna! 🙏

কৃষ্ণানুগ্ৰহদায়িকা স কৰুণা গীতা সমাৰাধিতা
কৰ্মজ্ঞানৱিৰাগভক্তিৰসিকা মৰ্মাৰ্থসন্দৰ্শিকা।
সোকণ্ঠং কিল সাধকৈৰনুদিনং পেপীয়মানা সদা
কল্যাণং পৰদেৱতেৱ দিশতী সঞ্জীৱনী ৱৰ্ধতাম্॥

বিনীত —

ভক্ত পদধূলি প্ৰাৰ্থী

শ্ৰীহিৰকজ্যোতি কলিতা

বজালী গীতা সত্ৰ (Bajali Gita Satra)