শ্রীশ্রীগীতামাহাত্ম্যম্

শ্ৰীশ্ৰীগীতা মাহাত্ম্যম্

ওঁ নমো ভগবতে বাসুদেৱায়

ঋষিৰুবাচ

গীতায়াশ্চৈব মাহাত্ম্যং যথাবৎ সূত মে বদ।
পুৰা নাৰায়ণক্ষেত্রে ব্যাসেন মুনিনোদিতম্।।১

ঋষিয়ে কৈছিল- হে সূত, প্রাচীনকালত নাৰায়ণক্ষেত্ৰত মুনি ব্যাসদেৱে গীতাৰ মাহাত্ম্য যেনেকৈ কীৰ্ত্তন কৰিছিল, আপুনি যথাযথভাবে সেই মাহাত্ম্য মোৰ ওচৰত বৰ্ণনা কৰক৷৷১

সূত উবাচ

ভদ্রং ভগবতা পৃষ্টং যদ্ধি গুপ্ততমং পৰম্।
শক্যতে কেন তদ্বং গীতামাহাত্ম্যমুত্তমম্।।২

সূতে কৈছিল- হে ভগবন্, আপুনি মোক উত্তম কথা সুধিছে, ই পৰম গুহ্যতম কথা; কিন্তু গীতাৰ সেই উত্তম মাহাত্ম্যৰ কথা কোনে বৰ্ণনা কৰিব পাৰে?।।২

কৃষ্ণোজানাতি বৈ সম্যক কিঞ্চিৎ কুন্তীসূতঃফলম্।
ব্যাসো বা ব্যাসপুত্রো বা যাজ্ঞবন্ধ্যোহথ মৈথিলঃ।।৩

কৃষ্ণই গীতাৰ মাহাত্ম্য ভালদৰে জানে। কুন্তীসূত অর্জুনে, ব্যাসদেরে, ব্যাসপুত্র শুকদেবে, যাজ্ঞবল্ক্য মুনি আৰু মিথিলাৰ অধিপতি জনকে অলপমাত্র গীতামাহাত্ম্যৰ ফল জানিব পাৰিছিল।।৩

অন্যে শ্রবণতঃ শ্রুত্বা লেশং সঙ্কীর্ত্তয়ন্তি চ।
তস্মাৎ কিঞ্চিদ্ বদাম্যত্র ব্যাসস্যাস্যান্ময়া শ্রুতম্।।৪

আন আন লোকে আনৰপৰা শুনি, লেশমাত্র গীতামাহাত্ম্য সঙ্কীর্ত্তন কৰে। ময়ো ব্যাসদেৱৰ মুখৰপৰা গীতামাহাত্ম্য শুনিছিলোঁ। তাকে মই ইয়াত আপোনাৰ ওচৰত অলপমান কওঁ।।৪

সর্ব্বোপনিষদো গাবো দোগ্ধা গোপালনন্দনঃ।
পার্থো বৎসঃ সুধীর্ভোক্তা দুগ্ধং গীতামৃতংমহৎ।।৫

সমস্ত উপনিষদেই হ'ল এজনী ধেনুৰ স্বৰূপ, গোপালনন্দন শ্রীকৃষ্ণ গুৱালৰ স্বৰূপ, অর্জুন বৎসৰ স্বৰূপ আৰু গীতামৃত দুগ্ধৰ স্বৰূপ, সুধীসকল হ'ল সেই গীতামৃত স্বৰূপ দুগ্ধৰ ভোক্তা।।৫

সাৰৰ্থ্যমৰ্জ্জুনস্যাদৌ কুর্ব্বন্ গীতামৃতং দদৌ।
লোকত্ৰয়োপকাৰায় তস্মৈ কৃষ্ণাত্মনে নমঃ।।৬

যিজনে তিনিওলোকৰ উপকাৰৰ কাৰণে প্রথমে অর্জুনৰ ৰথৰ সাৰৰ্থ্য স্বীকাৰ কৰি এই গীতামৃত দান কৰিছিল, সেই পৰমাত্মা শ্রীকৃষ্ণক নমস্কাৰ কৰোঁ।।৬

সংসাৰসাগৰং ঘোৰং তৰ্ভুমিচ্ছতি যো নৰঃ।
গীতানাবং সমাসাদ্য পাৰং যাতি সুখেন সঃ॥৭

যিজন মানুহে ঘোৰ সংসাৰ সাগৰ তৰিবলৈ ইচ্ছা কৰে, তেওঁ গীতাৰ স্বৰূপ নৌকাক আশ্ৰয় কৰি সুখেৰে পাৰ পাবলৈ সমৰ্থ হয়। (বিনা গীতাজ্ঞানে সংসাৰ সমুদ্ৰ পাৰ হব নোৱাৰে) ।।৭

গীতাজ্ঞানং শ্রুতং নৈব সদৈবাভ্যাস যোগতঃ।
মোক্ষমিচ্ছতি মূঢ়াত্মা যাতি বালকহাস্যতাম্।।৮

যিজনে বাৰে বাৰে শ্রবণ আৰু অভ্যাসৰ দ্বাৰাই গীতা জ্ঞান লাভকৰা নাই, সেইজনে যদি মুক্তিক বাঞ্ছা কৰে তেনেহলে তেওঁ বালকৰ ওচৰতো হাহিয়াতৰ পাত্ৰ হব।।৮

যে শৃন্বন্তি পঠন্ত্যেব গীতাশাস্ত্রমহর্নিশম্।
নতে বৈ মানুষা জ্ঞেয়া দেবৰূপা নসংশয়ঃ।।৯

যিবিলাক মানুহে দিনে ৰাতি গীতাশাস্ত্ৰ শ্ৰৱণ কৰে বা অধ্যয়ন কৰে, তেওঁলোকক মানুহ মাত্র বুলি জ্ঞান কৰিব নালাগে, তেওঁলোক দেবতা স্বৰূপ, তাত কোনো সংশয় নাই।।৯

গীতাজ্ঞানেন সম্বোধং কৃষ্ণঃ প্রাহার্জুনায়বৈ।
ভক্তিতত্ত্বং পৰংতত্র সগুণং বাথ নির্গুণম্।১০

যি গীতাজ্ঞানৰ দ্বাৰাই শ্রীকৃষ্ণই অর্জুনক প্রবোধ দিছিল তাত সগুণ অথবা নির্গুণ উৎকৃষ্ট ভক্তিতত্ত্বকেই প্রতিপাদন কৰিছে। (অর্জুনক প্রবোধ দিয়াৰ ছলেৰে গীতাত ভগবান শ্রীকৃষ্ণই উৎকৃষ্ট সগুণ আৰু নির্গুণ ভক্তিতত্ত্বকে প্রতিপাদন কৰিছে)।।১০

সোপানাষ্টাদশৈৰেবং ভক্তিমুক্তিসমূচ্ছিতৈঃ।
ক্রমশো চিত্তশুদ্ধিঃস্যাৎ প্রেমভক্ত্যাদি কর্মণি।।১১

গীতাৰ ভক্তি আৰু মুক্তিপ্রধান অষ্টাদশ অধ্যায়স্বৰূপ সোপানৰদ্বাৰাই (খটখটিৰ দ্বাৰাই) প্রেমভক্তি আদি কৰ্ম্মত ক্রমান্বয়ে চিত্তশুদ্ধি হয়।।১১

সাধোর্গীতান্তসি স্নানং সংসাৰমলনাশনম্।
শ্রদ্ধাহীনস্য তৎকাৰ্য্যং হস্তিস্নানং বৃথৈবতৎ৷৷১২

গীতাস্বৰূপ পবিত্ৰজলত কৰা স্নান সাধুগণৰ সংসাৰমল নাশক হয়; কিন্তু শ্রদ্ধাহীন মানুহৰ এই কাৰ্য্য হস্তি স্নানৰ দৰে নিষ্ফল হয়।।১২

গীতায়াশ্চ নজানাতি পঠনং নৈব পাঠনম্!
স এব মানুষে লোকে মোঘকৰ্ম্মকৰো ভবেৎ।।১৩

যিজন মানুহে গীতাশাস্ত্র পঢ়া নাই বা পঢ়ুওৱা নাই, এই মনুষ্যলোকত সেইজন মানুহ বৃথা কৰ্ম্মকাৰী হয়।।১৩

তস্মাৎ গীতাং ন জানাতি নাধমস্তৎপৰো জনঃ।
ধিক্ তস্য মানুষং দেহং বিজ্ঞানং কুলশীলতাম্।।১৪

গীতার্থং ন বিজানাতি নাধমস্তৎপৰোজনঃ।
ধিক্ শৰীৰং শুভংশীলং বিভবং তগৃহাশ্রমম্।।১৫

গীতাশাস্ত্রং ন জানাতি নাধমস্তৎপৰোজনঃ।
ধিক্ প্ৰাৰন্ধং প্রতিষ্ঠাঞ্চ পূজাং মানং মহত্তমম্।।১৬

গতিকে যিজন মানুহে গীতাশাস্ত্র নাজানে, সেইজন মানুহতকৈ অধম আৰু কোনো নাই। তেওঁৰ জ্ঞান, কুলশীল আৰু মনুষ্যদেহক ধিক্। ১৪
গীতাৰ অৰ্থ যিজনে নাজানে, তেওঁতকৈ অধম আৰু কোনো নাই। তেওঁৰ মানবদেহ, সদাচাৰ, বিভব (সম্পদ) আৰু সুখময় গৃহস্থাশ্রমক ধিক। ১৫
গীতাশাস্ত্র যিজনে নাজানে, তেওঁতকৈ অধম আৰু কোনো নাই, তেওঁৰ অদৃষ্ট, প্রতিষ্ঠা, পূজা, মান আৰু মহত্ত্বক ধিক্। ১৬

গীতাশাস্ত্রে মতির্নাস্তি সর্ব্বং তন্নিষ্ফলং জগুঃ।
ধিক্ তস্য জ্ঞানদাতাৰং ব্রতং নিষ্ঠাং তপো যশঃ।।১৭

গীতার্থপঠনং নাস্তি নাধমস্তৎপৰো জনঃ।
গীতাগীতং ন যজ জ্ঞানং তদ্বিদ্ধ্যাসুৰসম্মতম্।।
তন্মোঘং ধৰ্ম্মৰহিতং বেদবেদান্তগর্হিতম্।।১৮

তস্মাদ্ধৰ্ম্মময়ী গীতা সর্ব্বজ্ঞান প্রযোজিকা।
সৰ্ব্বশাস্ত্ৰসাৰভূতা বিশুদ্ধা সা বিশিষ্যতে।।১৯

গীতাশাস্ত্ৰত যিজনৰ মতি নাই, তেওঁৰ সকলো নিষ্ফল বুলি কৈছে। তেওঁৰ শিক্ষাদাতাক ধিক্, তেওঁৰ ব্ৰত, নিষ্ঠা, তপস্যা আৰু যশস্যাক ধিক্। ১৭
যিজনে গীতা অৰ্থৰে সৈতে পাঠ নকৰে, তেওঁতকৈ অধম আৰু নাই, যি জ্ঞান গীতাসম্মত নহয়, তাক আসুৰ জ্ঞান বুলি জানিবা। সেই জ্ঞান বিফল, ধৰ্ম্মৰহিত আৰু বেদ বেদান্ত নিন্দিত। ১৮
অতএব ধৰ্ম্মময়ী গীতা সৰ্ব্বজ্ঞানযোগকাৰিণী। এই গীতা সৰ্ব্বশাস্ত্ৰৰ সাৰভূতা আৰু বিশুদ্ধা বুলি প্রশংসিতা। ১৯

যোহধীতে বিষ্ণুপর্ব্বাহে গীতাং শ্রীহৰিবাসবে।
স্বপন্ জাগ্রৎ চলং তিষ্ঠন্ শত্রুভির্নস হীয়তে।।২০

গীতাপাঠঞ্চ শ্রবণং যঃ কৰোতি দিনে দিনে।
দ্রুতবো বাজিমেধাদ্যাঃ কৃতান্তেন সদক্ষিণাঃ ।।২৫

যিজনে প্রতিদিনে গীতা পাঠ বা শ্রবণ কৰে, তেওঁৰ দক্ষিণাৰ সৈতে অশ্বমেধাদি যজ্ঞসমূহ কৰা হয়। (গীতাপাঠৰ দ্বাৰাই যজ্ঞৰ ফল লাভ কৰে)।।২৫

যঃ শূণোতি চ গীতাৰ্থং কীৰ্ত্তয়ত্যেব যঃ পৰম্।
শ্রাবয়েচ্চ পৰাৰ্থং বৈ সপ্ৰয়াতি পৰংপদম্।।২৬

গীতায়াঃ পুস্তকং শুদ্ধং যোহৰ্পয়ত্যেব সাদৰাৎ।
বিধিনা ভক্তিভাবেন তস্য ভার্য্যা প্রিয়া ভবেৎ।।২৭

যশঃ সৌভাগ্যমাৰোগ্যং লভতে নাত্র সংশয়ঃ।
দয়িতানাং প্রিয়োভূত্বা পৰমংসুখমম্মুতে। ২৮

অভিচাৰোবং দুঃখং বৰশাপাগতঞ্চ যৎ।
নোপসপতি তত্রৈব যত্রগীতার্চ্চনং গৃহে।।২৯

যিজনে গীতাৰ অৰ্থ শ্রবণ কৰে অথবা কীৰ্ত্তন কৰে নাইবা আনক গীতাৰ অৰ্থ কৰি শুনায়, তেওঁ পৰম পদ লাভ কৰে। ২৬
যিজনে শাস্ত্রবিধি অনুসাৰে ভক্তিসহকাৰে পৰিশুদ্ধ গীতা পুস্তক আদৰ সহকাৰে দান কৰে, তেওঁৰ পত্নী প্রিয়তমা হয়। ২৭
আৰু তেওঁ যসশ্যা সৌভাগ্য আৰু আৰোগ্য লাভ কৰে, ইয়াত সন্দেহ নাই, আৰু দয়িতা সকলৰ প্ৰিয় হৈ পৰম সুখ ভোগ কৰে। ২৮
যি ঘৰত গীতাৰ অৰ্চ্চনা হয়, তাত অভিচাৰজাত দুখ আৰু কঠোর অভিশাপজাত দুখ উপস্থিত হব নোৱাৰে। ২৯

তাপত্রয়োদ্ভবা পীড়া নৈব ব্যাধির্ভবেৎ ক্বচিৎ।
ন শাপো নৈব পাপঞ্চ দুর্গতিনৰকং ন চ।।৩০

বিস্ফোটকাদয়ো দেহে ন বাধন্তে কদাচনঃ।
লভেৎ কৃষ্ণপদে দাস্যং ভক্তিঞ্চাব্যভিচাৰিণীম্।।৩১

জায়তে সততং সখ্যং সর্ব্বজীবগণৈঃ সহ।
প্ৰাৰন্ধং ভুঞ্জতো বাপি গীতাভ্যাস ৰতস্য চ৷৷৩২

স মুক্তঃ স সুখী লোকে কৰ্ম্মণা নোপলিপ্যতে।
মহাপাপাতিপাপানি গীতাধ্যায়ী কৰোতি চেৎ।
ন কিঞ্চিৎ স্পশ্যতে তস্য নলিনী দলমম্ভসা।।৩৩

আৰু সেই ঘৰত আধ্যাত্মিক, আধিদৈবিক আৰু আধিভৌতিক এই ত্রিবিধতাপ জনিত পীড়া, কেতিয়াও কোনো প্রকাৰ ব্যাধি, অভিশাপ, পাপ দুর্গতি আৰু নৰকৰ সম্ভাবনা নাথাকে। ৩০
গীতার্চ্চনা বা গীতাপাঠ কৰিলে সেই ঘৰত কাৰো দেহত বিস্ফোটকাদি পীড়া নহয়, সেই গৃহৰ মানুহৰ কৃষ্ণপদত দাস্য আৰু অব্যভিচাৰিনী ভক্তি লাভ হয়। ৩১
গীতা অভ্যাসৰত মানুহে প্ৰাৰন্ধ কৰ্ম্ম ভোগ কৰি থাকিলেও সর্ব্বদাই সকলো জীৱৰ সৈতে সখ্যভাব লাভ কৰে। ৩২
গীতাধ্যয়নৰত মানুহ সুখী আৰু মুক্ত হয়। কর্মই তেওঁক বন্ধন কৰিব নোৱাৰে, তেওঁ মহাপাতক বা অতিপাতক কৰিলেও পদুমৰ পাতত থকা পানীৰ দৰে তেওঁক কোনো পাতকেই স্পৰ্শ কৰিব নোৱাৰে। ৩৩

অনাচাৰোবং পাপমবাচ্যাদি কৃতঞ্চ যৎ।
অভক্ষ্যভক্ষজং দোষমস্পর্শস্পর্শজং তথা।।৩৪
জ্ঞানাজ্ঞানকৃতং নিত্যমিন্দ্রিয়ৈর্জনিতঞ্চ যৎ।
তৎসর্ব্বং নাশমায়াতি গীতাপাঠেন তৎক্ষণাৎ৷৷৩৫

সর্ব্বত্র প্রতিভূক্কাচ প্রতিগৃহ্য চ সর্ব্বশঃ।
গীতাপাঠং প্রকুর্ব্বাণো ন লিপ্যতে কদাচন।।৩৬

ৰত্নপূৰ্ণাং মহীং সৰ্ব্বাং প্রতিগৃহ্যাবিধানতঃ।
গীতাপাঠেন চৈকেন শুদ্ধ স্ফটিকবৎ যদা।।৩৭

যস্যান্তঃ কৰণং নিত্যং গীতায়াং ৰমতে সদা।
স সাগ্নিকঃ সদা জাপী ক্রিয়াবান্ স চ পণ্ডিতঃ।।৩৮

দর্শনীয়ঃ স ধনবান্ স যোগী জ্ঞানবানপি।
স এব যাজ্ঞিকো যাজী সর্ব্ববেদার্থদর্শকঃ।।৩৯

অনাচাৰজনিত, অবাচ্যবাক্যপ্রয়োগজনিত, অভক্ষ্যভক্ষণজাত, অস্পৃশ্য স্পর্শনজনিত, তেনেকৈ জ্ঞান অজ্ঞানকৃত দৈনন্দিন ইন্দ্রিয়সমূহ সম্ভোগজনিত সমস্ত দোষেই গীতা পাঠৰ দ্বাৰাই তৎক্ষণাৎ বিনষ্ট হয়। ৩৪-৩৫
সকলোৰে অন্ন ভোজন কৰিলেও আৰু সকলোৰে পৰা প্ৰতিগ্রহণ কৰিলেও গীতাপাঠ ভালদৰে কৰি থকা মানুহক তজ্জনিত পাপে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। ৩৬
অবিধিপূৰ্ব্বক ৰত্নপূর্ণা সমস্ত পৃথিৱীক প্রতিগ্রহণ কৰিও একমাত্র গীতা পাঠৰ দ্বাৰাই বিশুদ্ধ স্ফটিকৰদৰে নিৰ্ম্মল হৈ পৰে। ৩৭
যিজন মানুহৰ চিত্ত নিয়তভাবে সর্ব্বদাই গীতাত নিৰত থাকে, সেইজন মানুহেই সাগ্নিক, জপকাৰী, ক্রিয়াশীল আৰু সেইজনেই পণ্ডিত। ৩৮
তেওঁয়েই দেখনীয়াৰ, ধনবান, যোগী আৰু জ্ঞানবান, সেইজনেই যাক্তিক, যাজক আৰু সমস্ত বেদাৰ্থ পাৰদৰ্শী। ৩৯

গীতায়াঃ পুস্তকং যত্র নিত্যপাঠশ্চ বর্ত্ততে।
তত্র সর্ব্বানি তীর্থানি প্রয়াগাদীনি ভূতলে।।৪০
নিবসন্তি সদা দেহি দেহশেষেহপি সর্ব্বদা।
সর্ব্বেদেবাশ্চ ঋষয়ে। যোগিনো দেহৰক্ষকাঃ।।৪১
গোপালো বালকৃষ্ণোহপি নাৰদধ্রুবপাৰ্ষদৈঃ।
সহায়ো জায়তে শীঘ্রং যত্র গীতা প্রবর্ত্ততে।।৪২
যত্ৰ গীতা বিচাৰশ্চ পঠনং পাঠনং তথা।
মোদতে যত্র শ্রীকৃষ্ণো ভগবান্ ৰাধয়া সহ।।৪৩

যি স্থানত গীতা পুস্তক থাকে, আৰু যি স্থানত গীতাৰ নিত্য পাঠ হয়, সেই স্থানতেই পৃথিৱীৰ প্ৰয়াগাদি সমস্ত তীর্থই অৱস্থান কৰে। ৪০
যিজনে সদাই গীতাধ্যয়নত নিৰত থাকে তেওঁৰ জীবিতকালত আৰু দেহাবসানৰ সময়তো সমস্ত দেবতা, ঋষিসকল আৰু যোগী সকলে তেওঁৰ দেহৰক্ষক হয়। ৪১
যি স্থানত গীতা পাঠ হয়, তাত বালগোপাল শ্রীকৃষ্ণ, নাৰদ, ধ্রুবাদি পাৰ্যদগণৰ সৈতে অবিলম্বে সহায়ৰূপে উপস্থিত থাকে। ৪২
যি স্থানত গীতাশাস্ত্ৰৰ বিচাৰ, অধ্যয়ন আৰু অধ্যাপনা হয়, সেই স্থানত ভগৱান শ্রীকৃষ্ণই শ্ৰীৰাধাৰ সৈতে সানন্দে বিৰাজ কৰে। ৪৩

শ্রীকৃষ্ণোভগবানুবাচ

গীতা মে হৃদয়ং পার্থ গীতা মে সাৰমুত্তমম্।
গীতা মে জ্ঞানমত্যুগ্রং গীতা মে জ্ঞানমব্যয়ম্।।৪৪

গীতা মে চোত্তমং স্থানং গীতা মে পৰমং পদম্।
গীতা মে পৰমং গুহ্যং গীতা মে পৰমো গুৰুঃ।।৪৫

গীতাশ্রয়েহহং তিষ্ঠামি গীতা মে পৰমং গৃহম্।
গীতাজ্ঞানং সমাশ্রিত্য ত্রিলোকীং পালয়াম্যহম্।।৪৬

গীতা মে পৰমা বিদ্যা ব্রহ্মৰূপা ন সংশয়ঃ।
অৰ্দ্ধমাত্ৰাহৰা নিত্যমনির্ব্বাচ্য পদাত্মিকা ।।৪৭

গীতা নামানি বক্ষ্যামি গুহ্যানি শৃণু পাণ্ডব।
কীর্ত্তনাৎ সর্ব্বপাপানি বিলয়ং যান্তি তৎক্ষণাৎ।।৪৮

ভগৱান শ্রীকৃষ্ণই কৈছিল- হে পার্থ, গীতাই মোৰ হৃদয়, গীতাই মোৰ উত্তম সাৰবস্তু, গীতাই মোৰ অত্যুগ্র জ্ঞান, গীতাই মোৰ অক্ষয় জ্ঞানস্বৰূপ। ৪৪
গীতাই মোৰ উত্তমস্থান, গীতাই মোৰ পৰমপদ, গীতা মোৰ পৰম গোপনীয় বস্তু আৰু গীতাই মোৰ পৰম গুৰু। ৪৫
গীতাৰ আশ্ৰয়তে মই থাকোঁ, গীতাই মোৰ উত্তম গৃহ আৰু গীতা জ্ঞানকেই আশ্ৰয় কৰি মই তিনিওলোককে পালন কৰোঁ। ৪৬
গীতাই যে মোৰ ব্ৰহ্মৰূপা পৰমা বিদ্যা ইয়াত সন্দেহ নাই, গীতা অর্দ্ধ মাত্রাস্বৰূপা, নিত্যা, অনির্বচনীয় পদাত্মিকা। ৪৭
হে পাণ্ডব, মই গীতাৰ গুহ্য নামবোৰ কওঁ, তুমি শুনা। এই নামবিলাক কীৰ্ত্তন কৰিলে তৎক্ষণাৎ সমস্ত পাপ বিনষ্ট হয়। ৪৮

গঙ্গা গীতা চ সাবিত্রী সীতা সত্যা পতিব্রতা।
ব্রহ্মাবলিব্রহ্ম বিদ্যা ত্রিসন্ধ্যা মুক্তিগেহিনী।।৪৯

অর্দ্ধমাত্রা চিতা নন্দা (চিদানন্দা) ভবঘ্নী ভ্রান্তিনাশিনী।
বেদত্রয়ী পৰানন্দা তত্ত্বৰ্থজ্ঞান মঞ্জৰী।।৫০

ইত্যেতানি জপেন্নিত্যং নৰো মিশ্চল মানসঃ।
জ্ঞানসিদ্ধিং লভেন্নিত্যং তথান্তে পৰমং পদম্।।৫১

গীতাৰ নামসমূহ: গঙ্গা, গীতা, সাবিত্রী, সীতা, সত্যা, পতিব্রতা, ব্রহ্মাবলি, ব্রহ্মবিদ্যা, ত্রিসন্ধ্যা, মুক্তিগোহিনী, অর্দ্ধমাত্রা, চিতা, নন্দা (চিদানন্দা), ভবঘ্নী, ভ্রান্তিনাশিনী, বেদত্রয়ী, পৰানন্দা, তত্ত্বার্থ জ্ঞান মঞ্জুৰী। ৪৯-৫০
যিজন লোকে একাগ্রচিত্ত হৈ নিতৌ এইবোৰ নাম জপ কৰে তেওঁ এইলোকত নিত্য জ্ঞানসিদ্ধি আৰু অন্তত পৰমপদ লাভ কৰে। ৫১

পাঠেহসমর্থঃ সম্পূর্ণে তদৰ্দ্ধ পাঠমাচৰেৎ।
তদা গোদানজং পুণ্যং লভতে নাত্র সংশয়ঃ।।৫২
ত্রিভাগং পঠমানস্ত সোমযাগ ফলং লভেৎ।
ষড়ংশং জপমানস্ত গঙ্গাস্নান ফলং লভেৎ।।৫৩

তথাধ্যায়দ্বয়ং নিত্যং পঠমানো নিৰন্তৰম্।
ইন্দ্রলোকমবাপ্নোতি কল্পমেকং ৰসেদ্ধবম্।।৫৪

একমধ্যায়কং নিত্যং পঠতে ভক্তিসংযুতঃ।
ৰুদ্ৰলোকমবাপ্নোতি গণো ভূত্বা বসেচ্চিৰম্ ।।৫৫

অধ্যায়ার্দ্ধঞ্চ পাদংবা নিত্যং যঃ পঠতে জনঃ।
প্রাপ্নোতি ৰবিলোকং স মন্বন্তৰসমাঃ শতম্।।৫৬

গীতায়াঃ শ্লোকদশকং সপ্তপঞ্চ চতুষ্টয়ম্।
ত্রিদ্ব্যেকমেকমধং শ্লোকানাং যঃ পঠেন্নবঃ।
চন্দ্রলোকমবাপ্নোতি বর্ষানামযুতং তথা।।৫৭

গীতা সম্পূর্ণ পাঠ কৰিবলৈ অসমর্থ হলে অর্দ্ধ পাঠ কৰিব, তেতিয়াও গো দানৰ ফল লাভ হব, তাত সন্দেহ নাই। ৫২
গীতাৰ এক-তৃতীয়াংশ পাঠ কৰিলেও সোম যাগৰ ফল লাভ কৰে, আৰু ষষ্ঠাংশ পাঠ কৰিলে গঙ্গাস্নানৰ ফল লাভ কৰে। ৫৩
যিজনে নিতৌ গীতাৰ দুই অধ্যায় অবিচ্ছিন্ন ভাবে পাঠ কৰে, তেওঁ ইন্দ্রলোক লাভ কৰে আৰু তাত এককল্প কাল বাস কৰে। ৫৪
যিজনে ভক্তি সহকাৰে নিতৌ এক অধ্যায় পাঠ কৰে, তেওঁ ৰুদ্ৰলোক লাভ কৰে আৰু তাত গণমধ্যত পৰিগণিত হৈ বহুকাল বাস কৰে। ৫৫
যিজনে নিতৌ গীতাৰ আধা অধ্যায় নাইবা অধ্যায়ৰ চাৰি ভাগৰ এভাগ পাঠ কৰে, তেওঁ সূৰ্য্যলোক লাভ কৰে তাত এশ মন্বান্তৰ কাল বাস কৰে। ৫৬
যিজনে সদায় গীতাৰ দহটা, সাতটা, পাঁচটা, চাৰিটা তিনিটা, দুটা, এটা নাইবা আধাশ্লোকো পাঠ কৰে, তেওঁ চন্দ্ৰলোক লাভ কৰে আৰু অযুত বছৰ বাস কৰে। ৫৭

গীতার্থমেকপাদঞ্চ শ্লোকমধ্যায়মেবচ।
স্মৰংস্ত্যক্তা জনো দেহং প্রয়াতি পৰমংপদম্।।৫৮

গীতার্থমপি পাঠংবা শৃণুয়াদন্তকালতঃ।
মহাপাতকযুক্তোহপি মুক্তিভাগী ভবেজ্জনঃ ।।৫৯

গীতাপুস্তকসংযুক্তঃ প্রাণাংস্ত্যক্তা প্রয়াতি যঃ।
স বৈকুণ্ঠমবাপ্নোতি বিষ্ণুনা সহ মোদতে।।৬০

গীতাধ্যায়সমাযুক্তো মৃতো মানুষতাং ব্রজেৎ।
গীতাভ্যাসং পুনঃ কৃত্বা লভতে মুক্তিমুত্তমাম্।।৬১

গীতেত্যুচ্চাৰ সংযুক্তো ম্রিয়মানো গতিং লভেৎ।।৬২

যিজনে গীতাৰ এক অধ্যায়ৰ, এক শ্লোকৰ নাইবা শ্লোকৰ এক পাদৰ অৰ্থ স্মৰণ কৰি কৰি দেহত্যাগ কৰে, তেওঁ পৰম পদ লাভকৰে। ৫৮
অন্তিম কালত গীতা পাঠ কৰি তাৰ অৰ্থ বোধ কৰি নাইবা, শ্রবণ কৰি মহাপাতকী মানুহেও মুক্তি ভাগী হয়। ৫৯
যোনে গীতাপুস্তক সংযুক্ত হৈ প্রাণত্যাগ কৰে, তেওঁ বৈকুণ্ঠলোক লাভ কৰে আৰু তাত বিষ্ণুৰ সৈতে আনন্দ ভোগ কৰে। ৬০
গীতাৰ এক অধ্যায় সংযুক্ত হৈ প্রাণত্যাগ কৰিলে তেওঁ মনুষ্য জনম লাভ কৰি আকৌ গীতা অভ্যাস কৰি মুক্তি লাভ কৰে। ৬১
"গীতা” এই শব্দ উচ্চাৰণ কৰি যিজন মানুহে দেহত্যাগ কৰে। তেওঁ পৰম গতি লাভ কৰে। ৬২

যদ্যৎ কৰ্ম্ম সর্ব্বত্রগীতাপাঠ প্রকীর্ত্তিমৎ।
তত্তৎ কৰ্ম্ম চ নির্দোষং ভূত্বা পূর্ণত্ত্বমাপুয়াৎ।।৬৩

পিতৃনুদ্দিশ্য যঃ শ্রাদ্ধে গীতাপাঠং কৰোতি হি।
সন্তুষ্টাঃ পিতৰস্তস্য নিৰয়াদ যান্তি স্বৰ্গতিম্।।৬৪

গীতাপাঠেন সন্তুষ্টাঃ পিতৰঃ শ্রাদ্ধতর্পিতাঃ।
পিতৃলোকং প্রয়ান্ত্যেব পুত্রাশীর্ব্বাদতৎপৰাঃ।।৬৫

গীতাপুস্তকদানঞ্চ ধেনুপুচ্ছসমন্বিতম্।
কৃত্বাচ তদ্দিনে সম্যক্ কৃতার্থো জায়তে জনঃ॥৬৬

পুস্তকং হেমসংযুক্তং গীতায়াঃ প্রকৰোতি যঃ।
দত্বা বিপ্রায় বিদুষে জায়তে ন পুনর্ভবম্।।৬৭

যি কোনো কৰ্ম্ম অনুষ্ঠান কৰি যদি তাত গীতা পাঠ কৰে তেতিয়া সেই কৰ্ম্ম নির্দোষ হৈ পূর্ণতা লাভ কৰে। ৬৩
যি মানুহে শ্রাদ্ধৰ সময়ত পিতৃগণৰ উদ্দেশ্যে গীতা পাঠ কৰে, তেওঁৰ পিতৃগণ সন্তুষ্ট হৈ নৰকৰ পৰা স্বৰ্গ গমন কৰে। ৬৪
গীতা পাঠৰ দ্বাৰাই সন্তুষ্ট পিতৃগণে শ্রাদ্ধৰদ্বাৰাই তৃপ্তি লাভ কৰি, পুত্রসকলক আশীর্ব্বাদ দি পিতৃলোকলৈ গমন কৰে। ৬৫
ধেনুপুচ্ছৰ সৈতে (চোৱাৰৰ সৈতে) গীতা পুস্তক দান কৰি সেই দিনাই মানুহে ভালদৰে কৃতাৰ্থ হয়। ৬৬
যিজন মানুহে সুবৰ্ণৰ সৈতে গীতা পুস্তক বিদ্বান ব্রাহ্মণক দান কৰে, তেওঁৰ আকৌ পুনর্জন্ম নহয়। ৬৭

শতপুস্তকদানঞ্চ গীতায়াঃ প্রকৰোতি যঃ।
স যাতি ব্রহ্মসদনং পুনৰাবৃত্তিদুর্লভম্।।৬৮

গীতাদানপ্রভাবেন সপ্তকল্পমিতাঃ সমাঃ।
বিষ্ণুলোকমবাপ্যান্তে বিষ্ণুনা সহ মোদতে।।৬৯

সম্যক্ শ্রুত্বা চ গীতার্থং পুস্তকং যঃ প্রদাপয়েৎ।
তস্মৈ প্রীতঃ শ্রীভগবান্ দদাতি মানসোপ্সিতম্।।৭০

(দেহংমানুষমাশ্রিত্য চাতুব্ব্যেষু ভাৰত।)
ন শূণোতি ন পঠতি গীতামমৃতৰূপিনীম্।
হস্তাত্ত্যক্তামৃতং প্রাপ্তং স নৰো বিষমম্মুতে।।৭১

যোনে এশ গীতাপুস্তক দান কৰে, তেওঁ ব্রহ্মলোকলৈ গমন কৰে। তেওঁৰ আকৌ সংসাৰলৈ পুনৰাবৃত্তি নহয়। ৬৮
গীতাদানৰ প্ৰভাবৰ দ্বাৰাই দাতাই দেহত্যাগৰ পিচত বিষ্ণুলোক লাভ কৰি তাত সপ্তকল্প পৰিমিত বছৰ বাস কৰি বিষ্ণুৰ সৈতে আনন্দ লাভ কৰে। ৬৯
গীতাৰ অৰ্থ ভালদৰে শ্ৰৱণ কৰি, যি মানুহে গীতা পুস্তক প্রদান কৰে, শ্রীভগৱানে তেওঁৰ প্ৰতি প্ৰসন্ন হৈ মনৰ অভিষ্ট প্রদান কৰে। ৭০
হে ভাৰত, চাৰিও জাতিৰ মানবদেহ লাভ কৰি যিজন মানুহে অমৃতরূপিনী গীতা পাঠ বা শ্ৰৱণ নকৰে, তেওঁ লাভ কৰা অমৃতক হাতৰ পৰা পেলাইদি বিষ ভোজনহে কৰে। ৭১

জনঃ সংসাৰদুঃখাৰ্ত্তো গীতাজ্ঞানং সমালভেৎ।
পীত্বা গীতামৃতংলোকে লব্ধাভক্তিং সুখী ভবেৎ।।৭২

গীতামাশ্রিত্য বহবো ভূভুজো জনকাদয়ঃ।
নির্ধতকল্মষা লোকে গতাস্তে পৰমং পদম্।।৭৩

গীতাসু নবিশেষোহস্তি জনেষুচ্ছাৰকেষুচ।
জ্ঞানেত্বের সমগ্রেষু সমা ব্রহ্ম স্বৰূপিনী।।৭৪

যোহভিমানেন গর্ব্বেন গীতা নিন্দাংকৰোতিচ।
স যাতি নৰকং ঘোৰং যাবদাহৃতসংপ্লবম্ ।।৭৫

অহঙ্কাৰেণ মূঢ়াত্মা গীতার্থং নৈব মন্যতে।
কুম্ভীপাকেষু পচ্যেত যাবৎ কল্পক্ষয়ো ভবেৎ।।৭৬

গীতার্থং বাচ্যমানংযো ন শূণোতি সমীপতঃ।
স শূকৰভবাং যোনিমনেকামধিগচ্ছতি ।।৭৭

চৌর্য্যং কৃত্বাচ গীতায়াঃ পুস্তকং যং সমানয়েৎ।
নতস্য সফলং কিঞ্চিৎ পঠনঞ্চ বৃথা ভবেৎ।।৭৮

যঃ শ্রুত্বা নৈব গীতাৰ্থং মোদতে পৰমাৰ্থতঃ।
নৈবতস্য ফলং লোকে প্রমত্তস্য যথা শ্রুমঃ।।৭৯

গীতাং শ্রুত্বা হিৰণ্যঞ্চ ভোজ্যং পট্টাম্বৰংতথা।
নিবেদয়েৎ প্রদানার্থং প্রীতয়ে পৰমাত্মনঃ॥৮০

বাচকং পূজয়েঙক্ত্যা দ্রব্যবস্থা দ্যুপস্কৰৈঃ।
অনেকৈর্বহুধা প্রীত্যাতুয্যতাং ভগবান্ হৰিঃ৷৮১

সংসাৰ-দুখাৰ্ত্ত মানুহে গীতাজ্ঞান আশ্ৰয় কৰিব লাগে। সংসাৰত গীতামৃত পান কৰি ভক্তি লাভ কৰি সুখী হয়। ৭২
জগতত জনকাদি বহুসংখ্যক ৰজাই গীতাক আশ্ৰয় কৰি নিষ্পাপ হৈছিল আৰু পৰম পদ লাভ কৰিছিল। ৭৩
গীতা সম্বন্ধে জনসমাজত উচ্চ নীচ কোনো প্রভেদ নাই, ব্রহ্মস্বৰূপিনী গীতাই সমান ভাবে সকলোকে জ্ঞান দান কৰে। ৭৪
যিজন মানুহে অভিমান বা গর্ববশতঃ গীতাক নিন্দা কৰে, যিমান দিনলৈকে প্রলয়কাল উপস্থিত নহয়, সিমান দিনলৈকে তেওঁ ঘোৰ নৰকত বাস কৰে। ৭৫
যিজন মূঢ় ব্যক্তিয়ে অহঙ্কাৰ বশতঃ গীতাৰ অৰ্থক মানি নলয়, তেওঁ কল্পক্ষয় পর্যন্ত কুম্ভীপাক নামে নৰকত পচি থাকে। ৭৬
যি মানুহে ওচৰত থাকিও কৰি থকা গীতাৰ ব্যাখ্যা শ্ৰৱণ নকৰে, তেওঁ অনেকবাৰ গাহৰীৰ গৰ্ভত জন্ম গ্রহণ কৰে। ৭৭
যিজন মানুহে গীতা পুস্তক চুৰি কৰি আনে, তেওঁৰ কোনো সফল নহয় আৰু তেওঁৰ গীতাপাঠো বিফল হয়। ৭৮
যিজন মানুহে গীতাৰ অৰ্থ শ্ৰৱণ কৰিও দৰাচলতে আনন্দ বোধ নকৰে, প্ৰমত্ত মানুহৰ পৰিশ্ৰমৰ নিচিনা ইহলোকত তেওঁৰ সমস্ত বিফল হয়।
অথবা যিজন মানুহে গীতাৰ অৰ্থ শ্ৰৱণ নকৰাকৈ পৰমাৰ্থ বিষয়ত যত্নপৰ হয়, উন্মত্ত ব্যক্তিৰ পৰিশ্ৰমৰ দৰে তেওঁৰ ইহলোকত সেই যত্ন বিফল হয়। ৭৯
গীতা শ্ৰৱণ কৰি পৰমাত্মাৰ প্ৰীতি অর্থে বাচকক দিবৰ বাবে সুবর্ণ, ভোজ্য আৰু পট্টবস্তু নিবেদন কৰিব। ৮০
গীতাব্যাখ্যাকাৰী জনক নানাদ্রব্য আৰু বস্ত্রাদি উপকৰণৰ দ্বাৰাই ভক্তি আৰু প্রীতি সহকাৰে বহুপ্ৰকাৰে পূজা কৰিব, তাৰ দ্বাৰাই ভগৱান শ্রীহৰি সন্তুষ্ট হব। ৮১

সূত উবাচ

মাহাত্ম্যমেতদ্গীতায়াঃ কৃষ্ণপ্রোক্তং পুৰাতনম্।
গীতান্তে পঠতে যস্তু যথোক্তফলভাগ্‌ ভবেৎ।৮২

গীতায়াঃ পঠনং কৃত্বা মাহাত্ম্যংনৈব যঃ পঠেৎ।
বৃথা পাঠফলং তস্য শ্রম এব উদাহৃতঃ।।৮৩

এতন্মাহাত্ম্যসংযুক্তং গীতাপাঠং কৰোতি যঃ।
শ্রদ্ধয়া যঃ শূণোত্যেব পৰমাং গতিমাপুয়াৎ।।৮৪

শ্রুত্বাগীতামর্থযুক্তাং মাহাত্ম্যং যঃ শূণোতি চ।
তস্য পুণ্যফলং লোকে ভবেৎ সর্ব্ব সুখাবহম্।।

সূতে কৈছিল- যিজনে গীতাপাঠৰ অন্তত শ্রীকৃষ্ণই কোৱা এই পুৰাতন গীতামাহাত্ম্য পাঠ কৰে, তেওঁ যথোক্ত ফলভাগী হয়। ৮২
যিজনে গীতা পাঠ কৰি, গীতাৰ মাহাত্ম্য পাঠ নকৰে, তেওঁৰ গীতাপাঠৰ কোনো ফল নহয়। কেৱলমাত্ৰ তেওঁৰ পৰিশ্ৰমহে হয়। ৮৩
যিজনে এই গীতামাহাত্ম্যৰ সহিত গীতাপাঠ কৰে আৰু শ্রদ্ধা সহকাৰে যোনে শ্ৰৱণ কৰে, তেওঁলোক উভয়ে পৰমগতি লাভকৰে। ৮৪
যিজনে অৰ্থৰ সৈতে গীতা শ্ৰৱণ কৰি গীতাৰ মাহাত্মাও শ্ররণ কৰে, পুণ্যৰ ফলত তেওঁৰ জগতত সকলো প্ৰকাৰে সুখ হয়। ৮৫

ইতি শ্রীবৈষ্ণবীয়তন্ত্রসাৰে শ্রীমদ্ভগবদ্গীতা মাহাত্ম্যং সমাপ্তম্।

ইতি শ্রীগঙ্গানাথ শিৰোমণিকৃত গীতামাহাত্ম্যৰ গদ্যানুবাদ সম্পূর্ণ।

।। হৰিঃ ওঁ ।।